জালিয়াতিৰে বাহন ক্ৰয় কৰাৰ অভিযোগত এজনক আটক

By

Published : Sep 22, 2022, 10:30 PM IST

thumbnail

জালিয়াতিৰে বাহন ক্ৰয় কৰাৰ অভিযোগত কাকী আৰক্ষীয়ে আটক কৰিলে এজনক (Fraudulent vehicle purchases arrested) ৷ আটকাধীন যুৱকজন শিৱসাগৰৰ বাছিম আহমেদ বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, যোৱা ৩ এপ্ৰিল ২০২২ তাৰিখে কাকী আৰক্ষী থানাত বুৰহান উদ্দিন নামৰ এজন লোকে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত স্বতাধিকাৰীৰ পৰা বাহন জালিয়াতিৰে ক্ৰয় কৰি বহিঃৰাজ্যত বিক্ৰী কৰা সন্দৰ্ভত ৬ জন লোকৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ (Buying vehicles fraudulently)। ঘটনা সন্দৰ্ভত কাকী আৰক্ষী থানাত ৩৪/২২ নম্বৰত ৰুজু হৈছিল এই গোচৰ । গোচৰৰ ভিত্তিত কাকী আৰক্ষীয়ে অভিযান চলাই ডিব্ৰুগড়ৰ পল্টন বজাৰৰ পৰা বুধবাৰে আটক কৰে বাছিম আহমেদক । পূৰ্বেও এই ঘটনাৰ লগত জড়িত আব্দুলা আহমেদ ওৰফে মইনা নামৰ আন এজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল কাকী আৰক্ষীয়ে । ইফালে বাছিমৰ ভাষ্য অনুসৰি হোজাইৰ নিলবাগানত, আব্দুল হুছেইনৰ পৰা TATA TIGOR আৰু TATA TIAGO নামৰ দুখন বাহন ক্ৰয় কৰিছিল ৱাছিম আহমেদে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.