তিতাবৰত পাঁচ আইপিএলৰ জুৱাৰী আটক

By

Published : Sep 28, 2021, 12:39 PM IST

thumbnail

তিতাবৰৰ মাধপুৰ অঞ্চলৰ পৰা দেওবাৰে নিশা আৰক্ষীয়ে পাঁচটা জুৱাৰীক আটক কৰে ৷ তিতাবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে জুৱাৰীকেইটাক । আটকাধীন জুৱাৰীকেইটা উত্তম গুৱালা, ৰাজু আহমেদ, নিত্যা দাস, অমল নাগ আৰু নন্দেশ্বৰ ওৰাং বুলি জানিব পৰা হৈছে । উল্লেখ্য যে, চলিত আই পি এলক কেন্দ্ৰ কৰি সম্প্ৰতি দেশজুৰি অব্যাহত আছে জুৱাৰ বৃহৎ বেহা । কিশোৰৰ পৰা বৃদ্ধলৈকে বহুলোক আসক্ত হৈছে আই পি এলৰ এই জুৱাত । ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ দেশৰ লগতে অসমতো আই পি এলৰ জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.