মানকাচৰত বি এছ এফৰ গুলীত নিহত মাছমৰীয়া

By

Published : Aug 25, 2022, 5:38 PM IST

thumbnail

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পুৰানদিয়াৰাত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত বি এছ এফৰ গুলীত এজন মাছমৰীয়া নিহত হয়(Fisherman shot dead near Assam-Bangladesh border) । নিহত মাছমৰীয়াজন ছাটকৰাইবাৰী গাঁৱৰ আই হুছেইনৰ পুত্ৰ মনিৰুজ্জামান (24)বুলি জানিব পৰা হৈছে । মনিৰুজ্জামানৰ পৰিয়ালৰ লোকে সম্প্ৰতি মৃতদেহটো ঘৰলৈ নিয়া বুলি জনা গৈছে । ঘটনাস্থলীত উপস্থিত হৈ মানকাচৰ থানাৰ আৰক্ষীৰ এটা দলে তদন্ত আৰম্ভ কৰিছে ৷ নিহত মনিৰুজ্জামানে নিশা সীমান্তৰ মৰা জিঞ্জিৰামত মাছ মাৰিবলৈ গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে(Fisherman shot dead in Mankachar) । ইপিনে বি এছ এফে গুলীচালনা কৰাৰ কথা অস্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে(Shooting at Mankachar border) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.