Fir against Jadav Kunwar: টাই আহোম ছাত্ৰ সন্থাৰ নেতা যাদৱ কোঁৱৰৰ বিৰুদ্ধে এজাহাৰ

By

Published : Aug 6, 2022, 1:40 PM IST

thumbnail

খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ । বিজেপি নেতৃ আঙুৰলতা ডেকাক সমালোচনা কৰাৰ নামত এইবাৰ কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ । টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদব কোঁৱৰৰ বিৰুদ্ধে গোচৰ দাখিল নলবাৰীত(Fir against ATASU leader) । নলবাৰীত গোচৰ দাখিল কৰিলে কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে । বিজেপিৰ নেত্ৰী আঙুৰলতাক সমালোচনা কৰিবলৈ গৈ সংবাদ মেলযোগে কলিতা জনগোষ্ঠীক টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদব কোঁৱৰে অসমৰ সাতাম পুৰুষীয়া কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে । কলিতা আলপাইন জনগোষ্ঠীক লৈ তীৰ্যক মন্তব্য কৰা বুলি উল্লেখ কৰি যাদব কোঁৱৰক গৰিহণা দিয়ে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ কলিতাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.