প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত টিংখাঙৰ মৃৎশিল্পী

By

Published : Sep 30, 2022, 9:15 AM IST

thumbnail

দুৰ্গা পূজালৈ মাজত মাথোঁ এটা দিন বাকী(Durga Puja 2022) । পূজাৰ প্ৰাকমুহূৰ্তত যেন এতিয়া ব্যস্ততাৰ অন্ত নাই মৃৎ-শিল্পীসকলৰ(Pottery artists are busy making idols) । দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ মৃন্ময় প্ৰতিমাত ৰং তুলিকাৰে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিংখাঙতো দেখা গৈছে একেই পৰিৱেশ(Durga Puja preparation in Tingkhang) । টিংখাঙৰ ২ নং ঘুৰণীয়া গাঁৱৰ ৰূপক মেছে এতিয়া দিনে-নিশাই দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত । ইতিমধ্যে ৰং-তুলিকাৰ শেষ পৰশত প্ৰাণ পাই উঠিছে মৃন্ময় প্ৰতিমাসমূহ । বিগত প্ৰায় ত্ৰিশ বছৰ ধৰি এনেদৰে প্ৰতিমা নিৰ্মাণৰ কামত জড়িত হৈ আছে ৰূপক মেছ । টিংখাঙৰ বিভিন্ন পূজা মণ্ডপত ষষ্ঠীৰ বেদীত এই মৃণ্ময় মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হ'ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.