চতিয়াৰ ইটাখোলাত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Sep 29, 2022, 12:23 PM IST

thumbnail

চতিয়াৰ ইটাখোলাত বিশ্বনাথ জিলা প্ৰশাসনে বৃহস্পতিবাৰে পুৱাৰ পৰাই চলাইছে উচ্ছেদ অভিযান (Eviction drive at Sootea) । দণ্ডাধীশ তথা নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতিৰ (Biswanath chariali Circle Officer) উপস্থিতিত ইটাখোলাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত নীতিবৰ্হিভূতভাৱে নিৰ্মাণ কৰা একাংশ পকী দোকান গৃহৰ ওপৰত চলিল এই উচ্ছেদ অভিযান ৷ অৱশ্যে বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা কেইবাবাৰো অবৈধ বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়া হৈছিল ৷ কিন্তু দীৰ্ঘসময় ধৰি দখল দিয়া ব্যৱসায়ীসকলে জাননীক গুৰুত্ব নিদিয়াত অৱশেষত কঠোৰ নিৰাপত্তা বেষ্টনীত মাজত জিলা প্ৰশাসনে চলায় উচ্ছেদ অভিযান ৷ ইতিমধ্যে উচ্ছেদস্থলীত অসম আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.