Erosion at Barak: অসম-ত্ৰিপুৰা সংযোগী ঘাইপথত ভয়াৱহ খহনীয়া

By

Published : Jul 21, 2022, 12:31 PM IST

thumbnail

বৰাক নৈৰ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ (Erosion in Assam-Tripura connecting National Highway)। ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । কৰিমগঞ্জৰ শ্ৰীগৌৰীত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গৰাখহনীয়া প্ৰতিৰোধ সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে শ্ৰীগৌৰীৰ ৰাইজে । উল্লেখ্য় যে দীৰ্ঘদিন ধৰি এই এলেকাটো ভয়াৱহ খহনীয়াৰ কবলত পৰাত কেইবাবিঘা মাটি নদীৰ বুকুত জাহ গৈছে । কাষত থকা শ্ৰীগৌৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনো ইতিমধ্য়ে নদীৰ বুকুত জাহ গৈছে । গুৰুত্বপূৰ্ণ এই ঘাইপথটো যিকোনো সময়ত নদীৰ বুকুত বিলিন হোৱাৰ আশংকা বৃদ্ধি পাইছে । খহনীয়াৰ ৰোধৰ বাবে চৰকাৰে কোনো স্থায়ী ব্যবস্থা লোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । ৰাইজে মন্ত্ৰী পীযুষ হাজৰিকাক বৰাকৰ শ্ৰীগৌৰী খহনীয়া ৰোধৰ বাবে ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে (Appeal to Minister Piyush Hazarika)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.