মণ্ডপ নিৰ্মাণত ব্যস্ত বিহপুৰীয়াৰ পূজা সমিতিসমূহ

By

Published : Sep 28, 2022, 1:56 PM IST

thumbnail

দুৰ্গা পূজালৈ মাজত মাথো দুটা দিন বাকী(Two days to Durga Puja) । সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া শ্ৰী শ্ৰী দুৰ্গোৎসৱৰ মহা আয়োজন চলিছে(Durga Puja Preparation in Assam) । ব্যতিক্ৰম নহয় বিহপুৰীয়াও । লখিমপুৰ জিলাৰ বিহপুৰীয়াটো এইবাৰ পুনৰ ন-উদ্যমেৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছে(Durga Puja Preparation in Bihpuria) । বিহপুৰীয়া নগৰৰ মাজমজিয়াত পশ্চিম বিহপুৰীয়া সামাজিক উন্নয়ন কমিটিৰ সৌজন্যত বিগত বৰ্ষৰবোৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী শাৰদীয় দুৰ্গোৎসৱ(Durga Puja 2022) । বিহপুৰীয়াৰ প্ৰায় পোন্ধৰখন পূজাৰ ভিতৰতে কিছু ব্যতিক্ৰম এইখন পূজা সমিতিয়ে নানা ধৰণৰ ৰঙীন লাইট আৰু অত্যাধুনিক আহিলা ব্যৱহাৰ কৰি এতিয়া দিনে নিশাই পূজা মণ্ডপ নিৰ্মান কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে প্ৰায় ২৯ বছৰীয়া এই পূজাস্থলীত এইবাৰ ৩০ তম দুৰ্গোৎসৱ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.