Durga Puja 2022: তুংগত উঠিছে ৰঙিয়াত দুৰ্গা পূজাৰ প্ৰস্তুতি

By

Published : Sep 28, 2022, 1:50 PM IST

thumbnail

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো দুদিনমান বাকী (Durga Puja 2022) । ৰাইজক আকৰ্ষিত কৰিবলৈ পূজা মণ্ডপ নিৰ্মাণৰ বাবে পূজা সমিতিসমূহে লৈছে ন ন কৌশল (Durga Puja preparation in Assam)। সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে ৷ সামন্তৰালভাৱে ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গাপূজাখনৰো প্ৰস্তুতি তুংগত (Durga Puja Preparation at Rangia) ৷ দিন-নিশা একাকাৰ কৰি কোচবিহাৰৰ পৰা অহা মৃৎ শিল্পীসকলে দুৰ্গা দেৱীৰ মৃণ্ময় মূৰ্তিত সম্প্ৰতি অন্তিম পৰশ দিয়াত ব্যস্ত । উল্লেখ্য যে, ৰঙিয়া নগৰৰ এই পূজাখনলৈ প্ৰত্যেক বছৰে লক্ষাধিক ভক্তৰ সমাগম হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.