Durga Puja at Rangapara : ঢাক ঢোল বজাই ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ল মা দুৰ্গাক

By

Published : Oct 1, 2022, 9:32 PM IST

thumbnail

আজি ষষ্ঠী বিহিত পূজা । পূজা মণ্ডপসমূহত আজি প্ৰতিষ্ঠা কৰা হ’ল দেৱী দুৰ্গাক (Durga Puja 2022) । ঢাকৰ শব্দ আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণত প্ৰাণ পাই উঠে ৰঙাপৰাৰ ৪২ খন দুৰ্গাৰ মণ্ডপ (Durga Puja Celebrates at Rangapara) । চৌদিশে বিৰাজ কৰিছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱমুখৰ পৰিৱেশ । ৰঙাপৰাৰ সমন্বয় সমিতিয়ে এইবেলি দুৰ্গা পূজা ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছে । ৰঙাপৰাৰ গোপীনাথ বৰদলৈ পথত বৰ্ণাঢ্য কাৰ্যসূচীৰে দুৰ্গা পূজা উদযাপন কৰে ১৯৯৭ চনত স্থাপিত হোৱা সমন্বয় সমিতিয়ে । ষষ্ঠীৰ পূজাৰ লগত সংগতি ৰাখি বিয়লি প্ৰায় ৪ বজাত সমন্বয় সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলে চহৰখনত এক সাংস্কৃতিক শোভাযাত্ৰা কৰে । ঝুমুইৰ নৃত্য-গীত, বিহুগীত আদিৰে মুখৰিত হৈ পৰে ৰঙাপৰা চহৰখন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.