Cattle smuggling in Assam : কলিয়াবৰত চোৰাংভাৱে সৰবৰাহ কৰা গৰু সহ আটক দুজন

By

Published : Jan 28, 2022, 4:28 PM IST

thumbnail

যিমানেই আৰক্ষী তথা প্ৰশাসনে গৰুৰ অবৈধ সৰবৰাহৰ ওপৰত তৎপৰতাৰে অভিযান চলাই অহাৰ পিছতো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহৰ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কলিয়াবৰত আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে চলাই আহিছে অভিযান(Police raids against smuggling cows in Kaliabor)৷ বৃহস্পতিবাৰে নিশা জখলাবন্ধাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ আৰক্ষীয়ে চলোৱা আন এক অভিযানত পঁচিশটাকৈ গো-ধন কঢ়িয়াই অনা AS02-AC-5555 নম্বৰৰ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে দুজন চোৰাং গৰু সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে (Smugglers arrested by Kaliabor Police) ৷ আটকাধীন লোক দুজন ক্ৰমে বোকাখাট পানবাৰীৰ চিৰাজুল ইচলাম আৰু ৰাজু ভূমিজ । উল্লেখ্য যে, ট্ৰাকখনত ক্ৰমেও 25 টা গো-ধন গোলাঘাটৰ বিহৰা বজাৰৰ পৰা যোৰাবাটলৈ বুলি কঢ়িয়াই অনা অৱস্থাতে জখলাবন্ধা আৰক্ষীৰ জালত পৰে গৰুভৰ্তি বাহনখন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.