শিশুৰ খাদ্য-সামগ্ৰী আত্মসাতৰ অভিযোগ ভোগপুৰৰ অংগনবাদী কৰ্মীৰ বিৰুদ্ধে

By

Published : Sep 19, 2022, 5:19 PM IST

thumbnail

তামুলপুৰ জিলাৰ গোৰেশ্বৰত অংগনবাদী কেন্দ্ৰত সৃষ্টি হয় এক উশৃংখল পৰিস্থিতিৰ (Tense situation at Goreswar) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, তামুলপুৰ জিলাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোগপুৰ জয়বাগলা অংগনবাদী কেন্দ্ৰলৈ অহা চৰকাৰৰ বিভিন্ন আঁচনিৰ লগতে শিশুৰ খাদ্য-সামগ্ৰীসমূহ অংগনবাদী কৰ্মী মিছ ইলিমা বেগম আৰু সহায়িকা কৰ্মী গোলবাহাৰে বিতৰণ নকৰি আত্মসাৎ কৰাৰ অভিযোগ (Corruption in distribution of children's food) উত্থাপন কৰিছে স্থানীয় লোকে ৷ লগতে মিছ ইলিমা বেগমে সহায়িকা কৰ্মী গোলবাহাৰৰ ঘৰত পাঠদান কৰাৰ অভিযোগ কৰে অভিভাৱকসকলে (Corruption at Bhogpur Anganwadi Centre)  ৷ ফলত অভিভাৱকসকল ক্ষোভিত হৈ বিভাগীয় কৰ্তৃপক্ষক কৰ্মীগৰাকীৰ বিৰুদ্ধে ব্যাৱস্থা ল'বলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.