ন্যায্য প্ৰাপ্তিৰ দাবীত বিহপুৰীয়াত প্ৰতিবাদত বহিল ৰন্ধন কৰ্মীসকল

By

Published : Sep 23, 2022, 3:52 PM IST

thumbnail

শুকুৰবাৰে মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল হ’ল অসম (Cook women Protest against Assam Govt) ৷ বকেয়া মাননি ছেপ্টেম্বৰ মাহৰ ভিতৰত আদায় দিয়া, তেওঁলোকৰ মাহেকীয়া মাননি নিয়মীয়াকৈ প্ৰতি মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আদায় দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদত বহিল ৰাজ্যৰ ৰন্ধন কৰ্মীসকল ৷ বাদ পৰি নগ’ল লখিমপুৰ জিলাৰ বিহপুৰীয়াও ৷ বিহপুৰীয়া খণ্ড প্ৰাৰ্থমিক শিক্ষা বিষয়া আৰু খণ্ড সমল কেন্দ্ৰ সমন্বয়কৰ কাৰ্যালয়ৰ সম্মুখত ৰন্ধন কৰ্মীসকলে ৰূপায়ন কৰে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ (Protest at Bihpuria)। এই অৱস্থান ধৰ্মঘট কৰ্যসূচীৰ পৰাই প্ৰতিবাদকাৰীসকলৰ হুংকাৰ - যদিহে চৰকাৰে তেওঁলোকৰ দাবী মানি নলয়, তেন্তে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তুলিবলৈ কুন্ঠাবোধ নকৰে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত ৰাজ্যৰ ৰন্ধন কৰ্মীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.