চেলা পাছৰ সুৰংগৰ নিৰ্মাণ কাৰ্য ৮0 শতাংশ সম্পূৰ্ণ

By

Published : Oct 1, 2022, 1:19 PM IST

thumbnail

ভাৰত-চীন সীমান্তৰ পশ্চিম অৰুণাচল প্ৰদেশৰ চেলা পাছৰ সুৰংগৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে (Sela tunnel project) । ২০২৩ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব বিশ্বৰ ভিতৰত প্ৰথম ১৩০০০ ফুট উচ্চতাত অৱস্থিত এই সুৰংগটো ৷ বিগত 2019 চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইটানগৰৰ পৰা ৰিমৰ্টৰ জৰিয়তে আধাৰশিলা স্থাপন কৰাৰ পিছতে সুৰংগটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় (Sela tunnel project in Arunachal Pradesh) ৷ এই সুৰংগটোৰ ভিতৰত স্থাপন হৈছে বহুকেইটা চিচিটিভি আৰু বহুকেইটা প্ৰস্থান স্থানত তাৎক্ষণিক টেলিফোন ব্যৱস্থাও সংযোগ কৰা হৈছে৷ অৱশ্যে ২০২০-২০২১ বৰ্ষত মহামাৰী ক’ভিড-19 ৰ বাবে সুৰংগটো নিৰ্মাণত যথেষ্ট বাধাৰ সৃষ্টি হৈছিল । ইফালে চলিত বৰ্ষত অত্যাধিক তুষাৰপাত আৰু ভুমিস্খলন হোৱা বাবে নিৰ্মাণ কাৰ্য পুনৰ লেহেমীয়া হৈ পৰে (Construction of Sela tunnel project ) ৷ ইয়াৰ মাজতে সুৰংগটোৰ নিৰ্মাণ কাৰ্য ৮0 শতাংশ সম্পূৰ্ণ হৈ উঠিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.