বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে জলা-কলা ভোগ কৰিছে বদৰপুৰৰ ৰাইজে

By

Published : Sep 5, 2022, 5:36 PM IST

thumbnail

বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলত বদৰপুৰ উপ সংমণ্ডলৰ অধীনত দক্ষিণ বদৰপুৰৰ একাংশ ৰাইজে ভোগ কৰিছে চৰম যন্ত্ৰণা । দিনে তিনিঘন্টাকৈ বিদ্যুৎ সেৱা যোগান ধৰিয়েই দায়িত্ব সামৰিছে বিদ্যুৎ বিভাগে । কেইবাটাও উদ্যোগৰ লগতে বৰাকভেলী ইঞ্জিনিয়াৰিং কলেজ থকা এই অঞ্চলত বিদ্যুতৰ লুকাভাকুৱে চৰম অস্বস্তিত পেলাইছে ৰাইজক (Load shedding problem in Badarpur) । অকণমান বতাহ বা এজাক বৰষুণ দিলেই বিদ্যুৎ কৰ্তন কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলো সন্মুখীন হয় অসুবিধাৰ (Students in trouble due to Load shedding) । উপায়ন্তৰ সংবাদমাধ্যমৰ সন্মুখত ৰাইজৰ হৈ এই সমুহ অভিযোগ উত্থাপন কৰে কামৰাংগীৰ ব্যৱসায়ী বিশ্বজিৎ দাসে । শীঘ্ৰেই সমস্যা সমাধান নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অভিযোগ উত্থাপন কৰা হুংকাৰ দিয়ে ব্যৱসাায়ীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.