বকোৰ ৰাজাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ দুৰ্ঘটনা

By

Published : Sep 19, 2022, 9:06 PM IST

thumbnail

বকোৰ ৰাজাপাৰাত সংঘটিত হয় এক বাছ দুৰ্ঘটনা (Bus accident at Boko) ৷ এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুওৱাই প্ৰথমে এজন বাইক আৰোহীক খুন্দা মাৰে ৷ তাৰ পিছতে পথৰ দাঁতিৰ গছ এডালত খুন্দা মাৰে AS01 IC 9041 নম্বৰৰ মা আমিনা নামৰ বাছখনে ৷ দুৰ্ঘটনাটোত প্ৰায় ১৭ গৰাকী যাত্ৰীয়ে আঘাতপ্ৰাপ্ত হয় (17 passengers injured in accident) ৷ লগতে চালকজন গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আহত আটাইকেইজনকে প্ৰাথমিক চিকিৎসাৰ বাবে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷ যদিও পৰৱৰ্তী সময়ত চালকসহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চাৰিজনক GMCH লৈ প্ৰেৰণ কৰা হয় ৷ আহত কেইজনৰ তিনিজনৰ নাম নৰুল হক, মেহমুদ আলোম হক, আমিৰুদ্দিন ৷ আঘাতপ্ৰাপ্ত কেইজনৰ ঘৰ ফকিৰগঞ্জত বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.