Book release: বৰপেটাত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ নতুন গ্ৰন্থ উন্মোচন

By

Published : Aug 2, 2022, 1:22 PM IST

thumbnail

সোমবাৰে বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ 'সুৰৰ সূতাৰে গঁথা মালাধাৰ' শীৰ্ষক গ্ৰন্থখনৰ দ্বিতীয় খণ্ডটো উন্মোচন কৰা হয় ৷ বৰপেটাৰ লোকসংগীত, সত্ৰীয়া সংগীত আৰু আধুনিক সংগীতৰ বিশাল ভাণ্ডাৰৰ মনি মুকুতা সামৰি অক্ষয় কুমাৰ মিশ্ৰই ৰচনা কৰা ৮ খন সংগীতালেখ্যৰ সংকলনখনি সোমবাৰে বৰপেটাৰ কেবাগৰাকীও প্ৰখ্যাত শিল্পী গুনীন্দ্ৰ নাথ ওজা, নকুল দাস, হেমেন দাস, প্ৰমথৰঞ্জন কন্টি আৰু অমেন কুমাৰ বায়নে উন্মোচন কৰে(Literary Akshay Kumar Mishra poetry collection released in Barpeta) ৷ ইয়াৰ পূৰ্বে ২০০৬ চনত সুৰৰ সূতাৰে গঁথা মালাধাৰ'ৰ প্ৰথম খণ্ডটো প্ৰকাশ পাইছিল ৷ অক্ষয় কুমাৰ মিশ্ৰৰ এই গ্ৰন্থ উন্মোচনী সভাত বৰপেটাৰ সামাজিক, সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰৰে জড়িত বহু লোক উপস্থিত থাকে ৷

TAGGED:

Book release

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.