ধুবুৰীৰ যুৱ শিল্পী অলিভিয়া মণ্ডলে কাগজৰ কাৰ্টনৰে নিৰ্মাণ কৰিলে দুৰ্গা প্ৰতিমা

By

Published : Sep 29, 2022, 11:47 AM IST

thumbnail

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন (Durga Puja 2022) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো দেখিবলৈ পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনা (Durga Puja Preparation in Dhubri) । জিলাখনৰ প্ৰতিখন পূজা সমিতিৰ দুৰ্গা পূজা উপলক্ষে সম্প্ৰতি ব্যাপক প্ৰস্তুতি । ইয়াৰ মাজতে বিগত প্ৰায় ৫ বছৰৰ পৰা বিভিন্ন সামগ্ৰীৰে অভিনৱ শিল্পকৰ্ম সৃষ্টি কৰি জনপ্ৰিয়তা লাভ কৰা ধুবুৰীৰ যুৱ শিল্পী অলিভিয়া মণ্ডল (Artist Olivia mandal ) এইবাৰো পুনৰ এক আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে । এইবেলি দুৰ্গাপূজাত প্ৰায় ৬০ টা কাগজৰ কাৰ্টনৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী (Made Paper cartoons Durga idol) । বিগত প্ৰায় ডেৰ মাহ ধৰি প্ৰতিদিনে প্ৰায় তিনি চাৰি ঘন্টাকৈ কাম কৰি নিৰ্মাণ কৰি থকা চাৰে পাচঁ ফুট উচ্চতা আৰু তিনি ফুট প্ৰস্থৰ প্ৰতিমাগৰাকীয়ে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । যুৱ শিল্পী গৰাকীয়ে প্ৰথমবাৰৰ বাবে এই ব্যতিক্ৰমী সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.