AMCH ৰ সহযোগী অধ্যাপক ডাঃ উৎপল দত্তৰ আত্মহত্যা

By

Published : Sep 28, 2022, 1:30 PM IST

thumbnail

ডিব্ৰুগড়ত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা (Suicide Case in Dibrugarh) । অসম চিকিৎসা মহাবিদ্যালয়ৰ এনাস্থেছিয়া বিভাগৰ সহযোগী অধ্যাপক ডাঃ উৎপল দত্তই আজি পুৱা নিজ বাসগৃহতে আত্মহত্যা কৰে (AMCH Professor committed suicide) । ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমীপৰ ডেভেলপমেন্ট এলেকাৰ বাসগৃহত আত্মহত্যা চিকিৎসকগৰাকীৰ । পুৱা ডাঃ দত্তক চীপ লৈ উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । ইয়াৰ পিছতে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত খবৰ দিয়ে ডিব্ৰুগড় আৰক্ষীক (Dr Utpal Dutta committed suicide in Dibrugarh) ৷ ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে এ এম চিলৈ প্ৰেৰণ কৰিছে ডাঃ দত্তৰ মৃতদেহ । ইপিনে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । বৰ্তমানেও চিকিৎসকজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা নাই যদিও যোৱা কেইবাদিনৰে পৰা মানসিক অশান্তিত ভূগি আছিল বুলি জানিবলৈ দিয়ে সহকৰ্মী চিকিৎসকসকলে । ডাঃ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সহকৰ্মী চিকিৎসকসকলে ৷ মৃত্যুৰ সময়ত তেখেতে পত্নী, মাতৃ আৰু দুগৰাকী কন্যাক সংসাৰত এৰি গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.