Flood problems in lower Assam: ভূটানৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী এজেপিৰ

By

Published : Aug 1, 2022, 5:05 PM IST

thumbnail

নামনি অসমৰ বান সমস্যাৰ মূল উৎস হিচাপে পৰিগণিত হৈছে ভূটানৰ বৃহৎ নদী বান্ধৰ পৰা এৰি দিয়া অতিৰিক্ত পানী (Power dam in Bhutan)৷ এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ৷ সোমবাৰে বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ এই স্মাৰক পত্ৰত ভূটান চৰকাৰে সময়ে সময়ে এৰি দিয়া নদীবান্ধৰ অতিৰিক্ত পানীয়ে নামনি অসমত চলোৱা তাণ্ডৱ আৰু দুৰ্যোগৰ পৰা নামনি অসমবাসীক ৰক্ষা কৰাৰ বাবে বিশেষ নীতি গ্ৰহণৰ দাবী উত্থাপন কৰিছে (Floods in Lower Assam)। একেদৰে নামনি অসমৰ অভয়াপুৰী বৰপেটা হৈ গুৱাহাটীলৈ যোৱা ৰাজ্যিক ঘাইপথটো শীঘ্ৰে মেৰামতি আৰু বহলিকৰণৰ লগতে যোগীঘোপাৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ বিকল্প ৰে'লপথৰ দাবীক দিল্লীলৈ লৈ যোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওচৰত স্মাৰক পত্ৰযোগে দাবী উত্থাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.