দৰঙৰ অবৈধ উচ্ছেদৰ ঘটনাৰ বিৰুদ্ধে হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 5:27 PM IST

thumbnail

দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটীত অবৈধ বেদখলৰ বিৰুদ্ধে চলোৱা উচ্ছেদৰ ঘটনা আৰু দুজনকৈ লোকক গুলি কৰি হত্যা কৰাৰ প্ৰতিবাদত বৰপেটাৰ হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ শুকুৰবাৰে হাউলী চাৰিআলি চ'কত,বৰপেটা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত কলা বেজ পৰিধান কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হত্যাযজ্ঞ বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, উচ্ছেদিত পৰিয়ালক পুণৰ সংস্থাপন দিয়ক, অবৈধ উচ্ছেদ কাৰ্য বন্ধ কৰক, হিটলাৰী শাসন বন্ধ কৰক, সুশান্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে প্ৰতিবাদস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ যুৱ কংগ্ৰেছৰ প্ৰতিবাদীকাৰী সকলক আটক কৰে ৷ উক্ত কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ উপস্থিত থাকি উচ্ছেদৰ নামত গৰুখুঁটীত সংঘটিত জঘন্য অমানবীয় কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ লগতে অসমত যেতিয়ালৈকে অবৈধ উচ্ছেদ কাৰ্য বন্ধ নকৰিব তেতিয়ালৈকে যুৱ কংগ্ৰেছৰ গণতান্ত্ৰিক আন্দোলন কাৰ্য চলি থাকিব বুলি হুংকাৰ দিয়ে ৷ আৰক্ষীয়ে প্ৰায় কুৰিজন যুৱ কংগ্ৰেছৰ কৰ্মী আটক কৰে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.