শিৱসাগৰত জনগোষ্ঠীয় পৰ্যটন সন্দৰ্ভত কৰ্মশালা

By

Published : Sep 27, 2021, 10:29 PM IST

thumbnail

বিশ্ব পৰ্যটন দিৱস উপলক্ষে সোমবাৰে শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত জনগোষ্ঠীয় পৰ্যটন সন্দৰ্ভত এখনি কৰ্মশালাৰ আয়োজন কৰা হয় । শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত যোৱা ১৫ ছেপ্টেম্বৰৰ পৰা পৰ্যটন ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে আৰম্ভ কৰা পষেকীয়া প্ৰশিক্ষণ শিবিৰৰ অংশৰূপে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । এই কৰ্মশালাত মুখ্য বক্তা ৰূপে অসম চৰকাৰৰ সাংস্কৃতিক বিশেষজ্ঞ ড৹ কে চি নাৰীয়ালে অংশগ্ৰহণ কৰে । শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত শিৱসাগৰক আদৰ্শ পৰ্যটন নগৰী ৰূপে গঢ়ি তোলাৰ বাবে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি ৰূপে আছে হিৰণমনি বৰগোঁহাই গগৈ, কংকণ শইকীয়া, মাধৱ দাস আদি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.