নাৰায়ণপুৰত অবৈধ চুলাই আৰু অৰুণাচলী মদৰ বিৰুদ্ধে মহিলাৰ গৰ্জন

By

Published : Sep 16, 2021, 5:23 PM IST

thumbnail

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰি গাঁও পঞ্চায়ত এলেকাত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ চুলাই আৰু অৰুণাচলী মদৰ বিৰুদ্ধে ওলাই আহিল শতাধিক মহিলা ৷ স্থানীয় ভৰপুৰ নাৰী সুৰক্ষা সমিতিৰ নেতৃত্বত ওলাই আহিল মহিলা সকল ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি চুলাই আৰু অৰুণাচলী মদৰ অবৈধ ব্যৱসায় চলাই অহা 30 টাৰো অধিক পৰিয়ালক শীঘ্ৰে উক্ত অবৈধ ব্যৱসায় বন্ধ কৰিবৰ বাবে জাননী জাৰি কৰে মহিলা সকলে ৷ মহিলা সকলে দাবী কৰা অনুসৰি, আৰক্ষী আৰু আৱকাৰী বিভাগৰ লগত থকা গোপন বুজাবুজিৰে একাংশ লোকে অঞ্চলটোত দীৰ্ঘদিন ধৰি চলাই আহিছে অবৈধ বেহা ৷ যাৰ পৰিণতিত সমগ্ৰ অঞ্চলটোতে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ মহিলা সকলে জাননী খনৰ জৰিয়তে অবৈধ ব্যৱসায় বন্ধৰ বাবে তিনি দিনৰ সময়সীমা বান্ধি দিছে ৷ অন্যথা পৰৱৰ্তী সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও সকিয়াই দিছে মহিলাসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.