কিয় ৰাইজৰ দল এৰি বিজেপিত যোগ দিলে জিলা সভাপতি শৰৎ দাসে ?

By

Published : Sep 11, 2021, 8:51 PM IST

thumbnail

জাতি ৰক্ষাৰ স্বাৰ্থত অসমত ব্যাপক ৰূপ লৈছিল 'কা' বিৰোধী আন্দোলনে ৷ যিটো আন্দোলনত পাঁচজনকৈ তেজাল যুৱক শ্বহীদ হ'ব লগা হৈছিল ৷ সেই আন্দোলনৰ পাছতে বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে অসমত জন্ম লাভ কৰিছিল দুটাকৈ জাতীয়তাবাদী ৰাজনৈতিক দলে ৷ এটা হ'ল ৰাইজৰ দল আৰু আনটো অসম জাতীয় পৰিষদ ৷ অখিল গগৈৰ সভাপতিত্বত ৰাইজৰ দল আৰু লুৰীণজ্যোতি গগৈৰ সভাপতিত্বত অসম জাতীয় পৰিষদে 2021 চনৰ বিধানসভা নিৰ্বাচনত নামি পৰিছিল ৷ ৰাইজৰ দলৰ তিনিচুকীয়া জিলাৰ সভাপতিৰ দায়িত্বত আছিল সমাজ সেৱক তথা 'কা' বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া শৰৎ দাস ৷ কিন্তু শেহতীয়াকৈ শৰৎ দাসে তিনিচুকীয়া জিলাৰ ৰাইজৰ দলৰ সভাপতিত্বৰ ভাৰ এৰি বিজেপিত যোগদান কৰিলে ৷ ইটিভ ভাৰতৰ এই আছুতীয়া সাক্ষাৎকাৰত বিৱৰী কলে শৰৎ দাসে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.