ডিফুৰ ধনশিৰিত আলোচনা মেজলৈ অহা DNLA ৰ নেতৃত্বক আদৰণি

By

Published : Sep 24, 2021, 5:44 PM IST

Updated : Sep 24, 2021, 8:26 PM IST

thumbnail

তিনি পাৰ্বত্য জিলাত ডিমাছা নেছনেল আৰ্মী চমুকৈ ডিএনএলএই বিগত আঢ়ৈ বছৰ ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহাৰ পিছত সংগঠনটোৰ তিনি গৰাকী শীৰ্ষ নেতা শুকুৰবাৰে মূল সূঁতিলৈ ঘূৰি আহি শান্তি আলোচনাৰ বাবে এখোজ আগুৱাই আহিছে ৷ অসমৰ প্ৰায়বোৰ সহস্ৰ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণৰ জৰিয়তে শান্তি আলোচনাত চামিলহৈ মূল সূঁতিলৈ ঘূৰি অহাৰ পিছতে পাৰ্বত্য জিলাৰ অন্যতম আৰু দুৰ্ধৰ্ষ সহস্ৰ উগ্ৰপন্থী সংগঠন ডিএনএলএই মূল সুঁতিলৈ ঘূৰি অহাৰ বাবে লোৱা পদক্ষেপে অসমৰ পৰা উগ্ৰপন্থীৰ সমস্যা নোহোৱা হোৱাৰ কথা স্পষ্ট হৈ পৰিছে ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে যোৱা ৪ ছেপ্তেম্বৰত কাৰ্বি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰ কৰাৰ তিনিদিনৰ পিছতেই একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰি চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷ ইয়াৰ প্ৰতি চৰকাৰৰ ইতিবাচক সঁহাৰি পিছতে শুকুৰবাৰে সংগঠনটোৰ শীৰ্ষনেতৃত্বই আলোচনাৰ বাবে পথ প্ৰশস্ত কৰে ৷ ধনশিৰিৰ দাউজিফাঙৰ কমিউনিটি হ’লত সংগঠনটোৰ অধ্যক্ষ ইটিকা ডিফুচা, সচিব প্ৰীতমজিত জিদুঙ ওৰফে কালাও ডিমাচা কছাৰী আৰু অতিৰিক্ত সেনাধ্যক্ষ জুদ্দিচন হাফলংবাৰ ওৰফে আমেৰিকা ডিফুচাক চৰকাৰ আৰু প্ৰশাসনৰ চৰফৰ পৰা মূল সূঁতিলৈ আদৰণি জনোৱা হয় ৷ এই উপলক্ষে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম আৰক্ষীৰ বিশেষ আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙ, বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথে বিদ্ৰোহী নেতা তিনি গৰাকীক আদৰণি জনায় ৷

Last Updated : Sep 24, 2021, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.