উজনি অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৱাটাৰ প'ল'খেল

By

Published : Sep 21, 2021, 9:34 PM IST

thumbnail

উজনি অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ ঐতিহাসিক আটালপুখুৰীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ৱাটাল প'ল' খেল ৷ সূত্ৰধাৰ সাঁতোৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এই ৱাটাৰ প'ল' খেল ৷ এই খেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুটা দলে অংশগ্ৰহণ কৰে ৷ মন কৰিবলগীয়া যে, সূত্ৰধাৰ সাঁতোৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে ঐতিহাসিক আটালপুখুৰীত প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ জৰিয়তে বহু কেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদক উলিয়াই আনিবলৈ সক্ষম হৈছে ৷ কিন্তু বিগত দুটা বছৰত কৰ'ণাৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত সাঁতোৰবিদ সকলে প্ৰশিক্ষণৰপৰা বঞ্চিত হ'বলগীয়া হৈছে ৷ তাৰ মাজতে 2020 বৰ্ষত চৰাইদেউ জিলা ৱাটাৰ প'ল' দল গঠন কৰা হয় যদিও ক'ৰণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে কোনো ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাছিল ৷ আনহাতে এতিয়া যিহেতু কৰ'ণাৰ সংক্ৰমণ হ্ৰাস পাইছে আৰু স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হৈছে সেয়েহে সোমবাৰে পোনপ্ৰথমবাৰৰ বাবে আটালপুখুৰীত ৱাটাৰ প'ল' প্ৰস্তুতিমূলক খেলৰ আয়োজন কৰে সূত্ৰধাৰ সাঁতোৰ সন্থাই ৷ এই খেলত উপস্থিত থাকে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে জিলাৰ ক্ৰীড়া বিষয়া সকলো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.