ক’ত আছে ৰেৱতী ফুকন; উভতি অহালৈ বাট চাইছে পৰিয়ালে

By

Published : Sep 15, 2021, 7:23 PM IST

thumbnail

পুনৰ উত্থাপন হৈছে আলফা(স্বা) আৰু চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী ৰেৱতী ফুকনৰ প্ৰসংগ । আলফা(স্বা) আৰু চৰকাৰৰ মাজত আলোচনাৰ প্ৰসংগ চলি থকা সময়তে ২০১৮ চনৰ ১৮ এপ্ৰিলত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈছিল ৰেৱতী ফুকন । আজি অৰ্থ্যাৎ বুধবাৰে ৰেৱতী ফুকনৰ জন্মদিনৰ দিনা পুত্ৰ তথা কিছু মাহৰ পূৰ্বে আলফা (স্বা) আৰু ব্যক্তিগত তৈল প্ৰতিষ্ঠান কুইপৰ মাজৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে এই বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিলৈ আহ্বান জনায় ৷ লগতে ৰেৱতী ফুকন নিৰুদ্দেশ হৈ থকা বিষয়টো ড৹ হিমন্ত বিশ্ব শৰ্মাই সমাধান উলিয়াব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.