কেঁচুসাৰৰ উৎপাদনেৰে স্বাৱলম্বী মানিপুৰৰ একাংশ মহিলা

By

Published : Oct 25, 2021, 9:20 PM IST

thumbnail

স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে মৰিগাঁৱৰ মানিপুৰত ১৫খন গাঁৱৰ জনজাতীয় মহিলাই ৷ ঘৰুৱা কেঁচুসাৰ উৎপাদনেৰে বছৰি কোনো ধৰণৰ মূলধন খৰছ নকৰাকৈ ঘৰত থাকি প্ৰায় ৯০,০০০ টকাকৈ উপাৰ্জন কৰিছে এইসকল মহিলাই । গাঁওকেইখনত সম্প্ৰতি প্ৰায় ২,২০০ জনজাতীয় মহিলাৰ ঘৰলৈ বৃদ্ধি পাইছে কেঁচুসাৰ উৎপাদন গোটৰ সংখ্যা । ইয়াংলি নামৰ এইবিধ ঘৰুৱা কেঁচুসাৰৰ উৎপাদন আৰু জৈৱিক সাৰৰ ব্যৱহাৰ কৰি কৃষক আৰু কৃষি ভূমি উৰ্বৰ কৰাৰ বাবে প্ৰভূত বৰঙণি আগবঢ়াইছে । ইয়াংলি হৈছে তিৱা ভাষাত লক্ষীদেৱী । যাৰ অৰ্থ ধন সম্পদ ঐশ্বৰ্য বিভূতিৰ গৰাকী । মানিপুৰ ১৫খন গাঁৱৰ ২,২০০ মহিলাক এই দিশত সহযোগিতা আগবঢ়াইছে জানমণি মহন্ত নামৰ এগৰাকী উদ্যোগী ব্যক্তিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.