নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত আহত হোৱা লোকৰ কাষত "পথিক"

By

Published : Sep 22, 2021, 2:23 PM IST

thumbnail

যোৱা ৮ ছেপ্টেম্বৰ নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনা কিমান ভয়াৱহ আছিল সেয়া অসমবাসীয়ে অনুভৱ কৰিব পাৰিছে । দুৰ্ঘটনাত ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহু লোক আহত হৈছিল । আহতসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈছে যদিও এতিয়াও সেই ফেৰী দুৰ্ঘটনাৰ ভয়াৱহতাৰ কথা তেওঁলোকে পাহৰিব পৰা নাই । এই দুৰ্ঘটনাই তেওঁলোকৰ মনত শংকা দুগুণে বৃদ্ধি কৰিছে । সেয়ে, এই লোকসকলক মানসিকভাৱে সবল কৰি তুলিবলৈ এক পদক্ষেপ হাতত লৈছে "পথিক" নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে । মঙলবাৰৰ পৰা সংস্থাটোৰ উদ্যোগত মাজুলী গড়মূৰ প্ৰেছ ক্লাবত তিনিদিনীয়া বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে । ফেৰী দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰা ৮৮ গৰাকী লোকক মনোৰোগ বিশেষজ্ঞই চিকিৎসা আগবঢ়ায় । ৩ গৰাকী মনোৰোগ বিশেষজ্ঞই লোকসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়, যাতে তেওঁলোকে পুনৰ পূৰ্বৰ দৰে স্বাভাৱিক জীৱন যাপন কৰিবলৈ সাহস পায় । আনহাতে, এই লোকসকলক মানসিকভাৱে সবল কৰি তুলিবলৈ মাজুলী জিলা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । লগতে ক্ষতিপূৰণৰো ব্যৱস্থা কৰা নাই প্ৰশাসনে । গুৱাহাটীৰ পৰা গৈ "পথিক"ৰ সদস্যসকলে আগবঢ়োৱা সেৱাৰ শলাগ লৈছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.