Naga aggression : সোণাৰিত অস্ত্ৰধাৰী নগাই উদং কৰিলে গোহালি

By

Published : Nov 24, 2021, 7:17 PM IST

thumbnail

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানৰ বাবে আলোচনা (Discussions to resolve border dispute north eastern states) অব্যাহত আছে । ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে ইতিমধ্যে সীমান্তত শান্তি প্ৰতিষ্ঠাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (himanta biswa sarma on assam boder issue) । কিন্তু ইয়াৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিৰ নাগালেণ্ড সীমান্তত প্ৰতিদিনে চলিছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস (Terror of Naga miscreants ) । এইবাৰ মাৰণাস্ত্ৰ দেখুওৱাই বিদ্যুৎ সংযোগ কাটি নগাই চলালে উপদ্ৰৱ । গঞাক মৃত্যুৰ ভাবুকি দি কাঢ়ি নিলে ৭ টাকৈ পোহনীয়া গৰু । সোণাৰিৰ নগানদী বনগাঁৱৰ ভূপেন ওৰাং, শংকৰ চাহানী আৰু সীমান্ত বৰাক ভাবুকিৰে নিশা প্ৰায় এক মান বজাত কাঢ়ি নিলে গৰুকেইটা । এই ঘটনাৰ পাছতে আতংকিত হৈ পৰিছে সীমান্তৰ নগানদী বনগাঁৱৰ বাসিন্দাসকল । উল্লেখ্য যে প্ৰায়ে এনেদৰে গোহালিৰ পৰা নগাই ভয় ভাবুকিৰে পশুধন লৈ যায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.