আমগুৰিৰ ৰূপহীমুখবাসীৰ দুৰৱস্থালৈ আওকাণ বিধায়কৰ

By

Published : Sep 26, 2021, 6:14 PM IST

thumbnail

চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে বানবিধ্বস্ত ৰূপহীমুখৰ ৰাইজে ভুগিবলগীয়া হৈছে যমৰ যাতনা । বিপসংকুলভাৱে নাৱেৰে দৈনন্দিন যাত্ৰা কৰিবলগীয়া হৈছে প্ৰায় ১০ খনকৈ গাঁৱৰ ৰাইজে । বানৰ ফলত ছিগি যোৱা অংশত যাতায়তৰ বাবে এখন উপযুক্ত নাৱৰো ব্যৱস্থা নকৰিলে প্ৰশাসনে । যাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, স্থানীয় লোকসকলে নিতৌ ভয়াৱহ পৰিস্থিতিৰ মাজেৰে মাৰ নাৱেৰে ইপাৰ সিপাৰ হ'বলগীয়া হৈছে । যোৰহাটৰ নিমাতী ঘাটৰ ঘটনাৰ পাছতো যেন শিক্ষা নল'লে জল পৰিবহণ বিভাগে । কেৱল এয়াই নহয় আমগুৰি সমষ্টিৰ বানবিধ্বস্ত ৰূপহীমুখৰ ৰাইজে বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছে । কিন্তু এই ক্ষেত্ৰত নিৰৱ ভূমিকা স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ । যাৰ বাবে বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.