পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিত অসমৰ এগৰাকী কৃতি শিক্ষক

By

Published : Sep 17, 2021, 1:31 PM IST

thumbnail

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল টীয়কৰ এগৰাকী শিক্ষক ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত SCRT আৰু NCRTয়ে যুটীয়াভাৱে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু শৈক্ষিক দৃশ্য-শ্ৰাব্য উৎসৱত নিজৰ প্ৰকল্প উপস্থাপনেৰে উচ্চ প্ৰাথমিক শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে টীয়কৰ কৃতি শিক্ষক বিকাশ বৰুৱাই ৷ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সুবিধাৰ্থে ঐতিহাসিক শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহৰ এক দৃশ্য-শ্ৰাব্য প্ৰকল্প প্ৰস্তুত কৰি উলিয়াইছিল শিক্ষক বিকাশ বৰুৱাই ৷ ইয়াৰ উপৰিও এই প্ৰকল্পটোৰ বাবে শ্ৰেষ্ঠ ভিডিঅ' সম্পাদনাৰ বাবেও মনোনীত হৈছে লাহৰীঘাটত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিকাশ বৰুৱা ৷ ছাত্ৰ-ছাত্ৰীসকলক অসমৰ ইতিহাস তথা বিভিন্ন কীৰ্তি চিহ্নসমূহ কিতাপত অধ্যয়নৰ সমান্তৰালকৈ দৃশ্য-শ্ৰাব্যৰ যোগেদি চোৱাৰ ব্যৱস্থা কৰি মনোগ্ৰাহী কৰি তোলাৰ লগতে সহজে বুজি পোৱাৰ উপযোগী কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে বিকাশ বৰুৱাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.