মাজুলীত তিনিখন গাঁৱৰ ৰাইজে খেদি পঠালে এটা দম্পতীক

By

Published : Sep 28, 2021, 8:40 PM IST

thumbnail

মাজুলীৰ তামোলনি চকৰীটিকা গাঁৱত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এটা দম্পতীক গাঁৱৰ পৰা খেদি পঠিয়াবলৈ একত্ৰিত হ'ল তিনিখন গাঁৱৰ ৰাইজ । জানিব পৰা মতে, তিনিমাহ পূৰ্বে মাজুলীৰ পমুৱা গাঁৱত এজন যুৱকক হত্যা কৰাৰ অভিযোগত স্বামী-স্ত্ৰীক জেললৈ প্ৰেৰণ কৰা হৈছিল । দেওবাৰে কাৰাগাৰৰ পৰা ওলাই আহি মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে পিতৃগৃহত আশ্ৰয় লৈছিল । গাঁওবাসীয়ে এই কথা অৱগত হোৱাৰ পাছতে তেওঁলোকক খেদি পঠিয়াবলৈ একেলগে ওলাই আহে । ভৱিষ্যতেও সেই অঞ্চলত দম্পতীটোৰ প্ৰৱেশ নিষিদ্ধ কৰে গাঁৱৰ ৰাইজে । গাঁৱৰ পৰিৱেশ যাতে বিনষ্ট নহয়, তাৰ বাবে এই সিদ্ধান্ত লয় গাঁওবাসীয়ে । আনহাতে, মহিলাগৰাকী অসৎ কামত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.