ৰাজ্যত দালাল গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত টাই আহোম যুৱ পৰিষদৰ প্ৰতিক্ৰিয়া

By

Published : Sep 24, 2021, 5:35 PM IST

thumbnail

শেহতীয়াতকৈ মাটিৰ দালাল গ্ৰেপ্তাৰ কৰাৰ অভিযানত নামিছে প্ৰশাসন । ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে বহু দালাল । চৰকাৰৰ এই অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে, শ শ দালাল গ্ৰেপ্তাৰ কৰা হৈছে যদিও প্ৰকৃতাৰ্থত পুঠি-খলিহনাহে গ্ৰেপ্তাৰ কৰা হৈছে । ৰাজহ বিভাগত দুৰ্নীতিৰ বজাৰ মেলা ৰৌ-বৰালি ধৰিবলৈ এতিয়াও বাকী আছে । তেওঁ লগতে অভিযোগ তোলে যে, একাংশ এছ ডি চি, এছ ডি অ'ৰ পৃষ্ঠপোষকতাত বৰ্তমানেও ৰাজহ বিভাগত দালালৰাজ চলি আছে । সেই সকলকো গ্ৰেপ্তাৰ কৰি দেখুৱাবলৈ তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক প্ৰত্যাহ্বান জনায় । আনহাতে, পৰিবহণ বিভাগত চলি থকা দালালৰাজ উৎখাত কৰিবলৈও আহ্বান টাই আহোম যুৱ পৰিষদ অসমে । ইফালে, ঐতিহাসিক চৰাইদেউৰ দেওশালৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈও দাবী জনায় সংগঠনটোৰ নেতৃত্বই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.