দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ দাবীত টাইপাৰ প্ৰতিবাদ

By

Published : Oct 20, 2021, 2:24 PM IST

thumbnail

অসমীয়া ভাষাক অপমান কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীৰ মহানগৰীত টাই আহোম যুৱ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মহানগৰীৰ জয়ানগৰৰ চুকাফা ভৱনৰ সন্মুখত টায়াৰ জ্বলাই বিভিন্ন বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে । প্ৰতিবাদকাৰীসকলে অসমত অসমীয়াগিৰি চলিব, বঙালী সংগঠন হায় হায়, দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক, অসমীয়া বিৰোধী শক্তি হায় হায় ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰে । প্ৰতিবাদস্থলীত উপস্থিত থাকে টাইপা কেন্দ্ৰীয় নেতা গুণকান্ত গগৈ । উল্লেখ্য যে, বৰাকত অসমৰ চৰকাৰ জল-জীৱন মিছনৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা অসমীয়া ভাষাত প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্তৰ নেতৃত্বত থকা দুই সংগঠনে ক’লা ৰং সানিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.