লখিমপুৰত কেন্দ্রীয় মন্ত্রী অজয় মিশ্ৰৰ প্ৰতিকৃতি দাহ এছ ইউ চি আইৰ

By

Published : Oct 5, 2021, 6:47 PM IST

thumbnail

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত ঘটনাক লৈ এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰতিবাদী কৃষকক দ্ৰুতবেগী বাহনেৰে মহতিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে । দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে । মঙলবাৰে অসমৰ লখিমপুৰতো এছ ইউ চি আইৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজপথত কেন্দ্রীয় মন্ত্রী অজয় মিশ্ৰৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে । লগতে নিহত কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈও দাবী জনায় । উল্লেখ্য যে, যোৱা ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত এখন তীব্ৰবেগী বাহনে মহতিয়াই নিছিল প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা কৃষকক । আঠজনকৈ কৃষকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই ঘটনাত । এয়া কৃষকক হত্যা কৰাৰ বাবে চৰকাৰৰ পৰিকল্পনা বুলি অভিযোগ তুলি বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱা সময়ৰ এক ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । কৃষকসকলে আশীষ মিশ্ৰক এই ঘটনাৰ বাবে দোষাৰোপ কৰিছে যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰই কৈছে যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁৰ পুত্ৰ উক্ত স্থানত উপস্থিত নাছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.