চৰাইদেউৰ সোণাৰিত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ

By

Published : Sep 25, 2021, 5:41 PM IST

thumbnail

পৃথিৱীৰ পৰা ক্ৰমাৎ লুপ্তপ্ৰায় হৈ গৈছে লাজুকী বান্দৰ । ৰাজ্যৰ চিৰিয়াখানাৰ বাহিৰে লাজুকী বান্দৰ দেখিবলৈ পোৱা নায়ায় ৰাষ্ট্ৰীয় উদ্যান সমূহতো । তেনে সময়তে চৰাইদেউ সোণাৰিৰ মথুৰাপুৰত শনিবাৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা লাজুকী বান্দৰ উদ্ধাৰ হয় । মথুৰাপুৰ দেওধাই গাঁৱৰ বিপুল বৰুৱাৰ গৃহত উদ্ধাৰ হয় লাজুকী বান্দৰটো । গাঁওখনৰ কাষৰীয়া চলা সংৰক্ষিত বনাঞ্চলৰ পৰা জনবসতি অঞ্চললৈ ওলাই অহাৰ সন্দেহ ৰাইজৰ লগতে বন বিভাগৰ । পিছত বন বিভাগৰ লোকে পুনৰ বনাঞ্চলত মুকলি কৰি দিয়ে দুষ্প্ৰাপ্য বান্দৰটো।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.