গৰুখুঁটিৰ ঘটনা:মঙলদৈত AIUDFৰ মৌন প্ৰতিবাদ

By

Published : Sep 25, 2021, 3:08 PM IST

thumbnail

দৰং জিলাৰ গৰুখুঁটিত অসম চৰকাৰে চলোৱা উচ্ছেদক লৈ সম্প্ৰতি ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে । বিভিন্ন দল-সংগঠনে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । এআইইউডিএফ দলেও শনিবাৰে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে । গৰুখুঁটি কাণ্ডত নিহত লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনায় দলৰ নেতা-কৰ্মীসকলে । আনহাতে উচ্ছেদিত লোকসকলৰ অতি কমেও ৬ বিঘাকৈ ম্যাদী ভূমি প্ৰদানৰো দাবী জনায় দলটোৱে । দৰং জিলা এআইইউডিএফৰ কেইবাগৰাকী নেতাৰ লগতে শতাধিক দলীয় কৰ্মীয়ে মুখত ক'লা কাপোৰ বান্ধি মঙলদৈ বেগামুখৰ পৰা উলিওৱা এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে । এই সমদল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ উপায়ুক্তৰ কাৰ্যলায়ত উপস্থিত হয় । প্ৰতিবাদকাৰীয়ে দৰঙৰ উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । দৰঙৰ উপায়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.