৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম : সৰ্বানন্দ সোণোৱাল

By

Published : Sep 10, 2021, 4:32 PM IST

thumbnail

"৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য । নিমাতীঘাট আৰু কমলাবাৰীঘাটত বাকী থকা আন্তঃগাঁঠনিৰ কাম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি শীঘ্ৰেই সম্পূৰ্ণ কৰিব । ভৱিষ্যতে যাতে ঘাটত ফেৰী ৰখাৰ বাবে অসুবিধা নহয়, তাৰ বাবে ব্যৱস্থা কৰা হ'ব" । শুকুৰবাৰে মাজুলীত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে মাজুলীৰ বিধায়ক তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে তেওঁ মাজুলীত উপস্থিত হৈ মাজুলীৰ আৱৰ্ত ভৱনত প্ৰশাসনিক বিষয়াৰে বৈঠকত মিলিত হয় । বৈঠকত ফেৰী দুৰ্ঘটনা সন্দৰ্ভ তেওঁ আলোচনা কৰে । আলোচনাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলত তেওঁ ফেৰী দুৰ্ঘটনাটো অত্যন্ত দুখজনক বুলি মন্তব্য কৰে । বিৰোধী দল আৰু বিভিন্ন সংগঠনে মাজুলীৰ দলং নিৰ্মাণৰ বিষয়টোক ৰাজনৈতিক ইছ্যু আখ্যা দিছে । কিন্তু মন্ত্ৰী সোণোৱালে এই অভিযোগ নস্যাৎ কৰে । তেওঁ কয় যে, মাজুলীবাসীক লৈ তেওঁ কেতিয়াও ৰাজনীতি কৰা নাই আৰু ভৱিষ্যতেও নকৰে । তেওঁ লগতে কয় যে, বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই বিষয়টো গুৰুত্বসহকাৰে লৈ যাৱতীয়সমূহ কৰিবলৈ নিৰ্দেশ দিছে । আনহাতে, বৈঠকতে তেওঁ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰীমিতা দাসৰ প্ৰসংগ উত্থাপন কৰি শোকপ্ৰকাশ কৰে । বৰ্তমান মাজুলীৰ পৰা তেওঁ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা হোৱা স্থানলৈ ৰাওনা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.