গোলাঘাটত মহা সপ্তমীৰ ব্যাপক আয়োজন

By

Published : Oct 12, 2021, 8:31 PM IST

thumbnail

ৰাজ্যৰ চৌদিশে চলিছে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা । মঙলবাৰে মহা সপ্তমী উপলক্ষ্যে প্ৰতিটো পূজা মণ্ডপতে দেখা গৈছে ব্যাপক আয়োজন । সমান্তৰালকৈ ক'ভিড বিধি পালন কৰি পূজাস্থলীত দেখা গৈছে ভক্তৰ সমাগম । গোলাঘাট নগৰৰ বিভিন্ন পূজাস্থলীতো ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে । নগৰৰ টোকানী চাৰ্কোল, ডাচ এণ্ড কো, সনাতন ধৰ্মৰ মন্দিৰত ভক্তই দেৱী দুর্গাৰ আশীষ ল'বলৈ ভিৰ কৰা দেখা গৈছে । ইফালে আ‌য়োজক সমিতিয়ে গোলাঘাট নগৰৰ পূজামণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তুলিছে । গোলাঘাটৰ প্ৰতিটো মণ্ডপতে ক'ভিড প্ৰট'কল (Covid protocol) পালনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে আয়োজক সমিতিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.