মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচত প্ৰথমবাৰৰ বাবে চলিল অফলামুখ-নিমাতীঘাট সংযোগী ৰ'পেক্স জাহাজ

By

Published : Sep 11, 2021, 4:56 PM IST

Updated : Sep 11, 2021, 5:34 PM IST

thumbnail

প্ৰথমবাৰৰ বাবে যাত্ৰী লৈ মাজুলীৰ অফলামুখ ঘাটৰ পৰা নিমাতীঘাট অভিমুখে ৰাওনা হৈছে অত্যাধুনিক ৰ'পেক্স জাহাজ ৷ 8 ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাজুলী-নিমাতীঘাট সংযোগী ৰ'পেক্স জাহাজ চলাচলৰ কথা ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ঘোষণাৰ পাচতে শনিবাৰে প্ৰথমবাৰৰ বাবে এখন ৰ'পেক্স জাহাজ নিমাতীঘাটৰ পৰা অফলামুখ পাৰঘাটত উপস্থিত হয় ৷ পুৱা 10:30 বজাত নিমাতীঘাটৰ পৰা প্ৰায় 145 জন যাত্ৰী, 42 খন দুচকীয়া বাহন আৰু 4খন চাৰিচকীয়া বাহনসহ অফলামুখত উপস্থিত হয় ৷ প্ৰায় সমসংখ্যক যাত্ৰী লৈ জাহাজখন পুনৰ নিমাতী অভিমুখে ৰাওনা হৈছে ৷

Last Updated : Sep 11, 2021, 5:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.