হাস্পতালত নাই চিকিৎসক; আত্মীয়ৰ সহায়ত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে

By

Published : Sep 22, 2021, 5:00 PM IST

thumbnail

ৰোগীক চিকিৎসা প্ৰদানৰ নামত কৰিমগঞ্জৰ বাৰইগ্ৰাম আদৰ্শ চিকিৎসালয়ত ভেকো-ভাওনা । সোমবাৰে পুৱতি নিশা হাস্পতালখনত চিকিৎসক অবিহনেই আত্মীয়ৰ সহায়ত সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতিয়ে । সন্তান প্ৰসৱৰ সময়ত প্ৰসূতিগৰাকীৰ লগত কোনো স্বাস্থ্যকৰ্মী নথকাৰ অভিযোগ তুলিলে আত্মীয়ই । মহিলাগৰাকীৰ আত্মীয়ই অভিযোগ উত্থাপন কৰা মতে, নাজিম উদ্দিন নামৰ ব্যক্তিজনৰ পত্নী জাকিৰা বেগমক হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল । মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত ভূগি আছিল । কৰ্তব্যৰত নাৰ্চে মহিলাগৰাকীক চাবলৈ আহি পুৱা প্ৰসৱ সম্পন্ন কৰাব বুলি পৰিয়ালক জনায় । নিশা দুই বজাত অন্তিমবাৰৰ বাবে দুগৰাকী নাৰ্চ উপস্থিত হৈ মহিলাগৰাকীক দুটা গ্লুকোজ দি কোঠাটোৰ দুৱাৰ বন্ধ কৰি ওলাই গৈছিল । মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জনাইছে সেই সময়ত কোঠাৰ ভিতৰত তেওঁ অকলে আছিল । কিন্তু প্ৰসৱ বেদনাত ভূগি থকা দেখিও নাৰ্চ কোঠাটোৰ পৰা ওলায় যায় । ইয়াৰ পিছত প্ৰায় তিনি বজাত মাতৃৰ সহায়ত মহিলাগৰাকীয়ে হাস্পতালৰ ভিতৰতে এটি সন্তান প্ৰসৱ কৰে । হাস্পতাল কৰ্তৃপক্ষৰ হেমাহিতে মহিলাগৰাকীয়ে এনেদৰে সন্তান প্ৰসৱ কৰিবলগীয়া হোৱাত পৰিয়ালৰ লোক ক্ষোভিত হৈ পৰিছে । আনহাতে, হাস্পতাল কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছে বুলি জাকিৰা বেগৰ পৰিয়ালে অভিযোগ তুলিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.