চামগুৰিৰ প্ৰতীকচিহ্ন ভাঙি পেলোৱাত ক্ষুব্ধ ৰকিবুল হুছেইন

By

Published : Sep 27, 2021, 10:17 PM IST

thumbnail

চাৰিলেনযুক্ত পথ নিৰ্ম‍াণৰ ন‍ামত অসমীয়াৰ কল‍া-সংস্কৃতি-স্বাভিমানৰ ওপৰত পুনৰ কুঠাৰঘাট কৰাৰ অভিযোগ উত্থাপিত হৈছে বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাৰ ওপৰত । চামগুৰিৰ গৌৰৱ তথা সকলোৰে চিৰপৰিচিত পকী শৰাই, জাপি, পেঁপা, তাল সম্বলিত প্ৰতীকচিহ্নক ৰাইজৰ অগোচৰে চাৰিলেন যুক্ত পথ নিৰ্মাণকাৰী সন্থাই ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি সৰ্বত্ৰে ক্ষোভৰ অগ্নি জ্বলিছে চামগুৰিত । এই সময়তে ঘটনাস্থলীত উপস্থিত হয় চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন । এই সন্দৰ্ভত চৰকাৰে কোনো পদক্ষেপ নল’লে নিজাববীয়াকৈ পদক্ষেপ ল’ব বুলিও জানিবলৈ দিয়ে বিধায়কজনে । আনহাতে, দুৰ্ভাগ্যজনক ঘটনাটোৰ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ চামগুৰিত উপস্থিত হয় নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আৰু নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন সহ বিজেপিৰ দলীয় নেতা কৰ্মী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.