Gambler Arrested at Moran : মৰাণৰ বঁটামৰা চেঁচা পুখুৰীত বৃহৎ জুৱাৰ ঘাটি উৎখাত

By

Published : Nov 26, 2021, 8:37 PM IST

thumbnail

মৰাণৰ বঁটামৰা চেঁচা পুখুৰীত উৎখাত বৃহৎ জুৱাৰ ঘাটি (Raid Against Gambling) ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে (Charaideo Police) চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ (Moranhat Police Station) অন্তৰ্গত বঁটামৰা চেঁচা পুখুৰীৰ অনিল গগৈ নামৰ এজন লোকৰ বাসগৃহত জোৱাৰ আড্ডা চলি থকাৰ এক খবৰ লাভ কৰিছিল ৷ এই খবৰৰ ভিত্তিতেই অনিল গগৈৰ বাসগৃহৰ পৰা চৰাইদেউ আৰক্ষীয়ে উৎখাত কৰে এটা জোৱাৰ ঘাটি ৷ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এই আৰক্ষী দলটোৱে আটক কৰিবলৈ সক্ষম হৈছে পাঁচজন জুৱাৰীক (Five Gambler Arrested) ৷ আটকাধীন জুৱাৰীকেইটা হৈছে ডিব্ৰুগড় মানকটা তেপৰগাঁৱৰ নিত্যানন্দ পাত্ৰ (৪১), মৰাণ বটামৰাৰ প্ৰদীপ ডেকা (৫৩), ডিব্ৰুগড় কুটুহা নগাঁৱৰ জিচুছ বুঢ়াগোঁহাই (৩৬), পদ্মলোচন বৰুৱা (৩৮) আৰু মৰাণ ফটিকাচোৱাৰ জ্ঞানেন্দ্ৰ শইকীয়া (৪০) ৷ আৰক্ষীৰ দলটোৱে অভিযান চলাই জুৱাৰ ঘাটিৰ পৰা নগদ ৭৯,৬৭০ টকা, ৭ টা ম’বাইল, চিম কাৰ্ড, ৭ পকেট প্লাষ্টিক কাৰ্ড, AS 06 AA 6299 নম্বৰৰ এখন XUV বাহন, AS 06 Z 6836 নম্বৰৰ এখন বলে'ন বাহন, AS 06 Z 8388 নম্বৰৰ এখন স্কুটি আৰু AS 06 V 9337 এখন বাইক জব্দ কৰে ৷ আনকি মৰাণহাট আৰক্ষীয়ে এই জুৱাৰ ঘটনা সন্দৰ্ভত কেচ নম্বৰ ১০২/২১ ধাৰা ১৪/১৫ ত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.