ৰঙিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন

By

Published : Sep 17, 2021, 7:15 PM IST

thumbnail

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো পালন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ৷ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত তৰণী হৰি মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আয়তিৰ নাম প্ৰসংগ অনুষ্ঠিত কৰা হয় ৷ বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মোদীৰ ওপজা দিন ৷ প্ৰধামন্ত্ৰী গৰাকীয়ে সু-স্বাস্থ্যৰ কামনাৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলীয় নেতা-কৰ্মীয়ে হৰি মন্দিৰত চাকি জ্বলোৱাৰ লগতে নৈবদ্য আগবঢ়ায় ৷ এই কাৰ্যসূচীত স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ৷ ইফালে মোদীৰ জন্মদিন উপলক্ষে বিজেপিয়ে 20 দিনীয়া কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত বিৰোধী দল কংগ্ৰেছে সমালোচনা কৰাকলৈ পবিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ কংগ্ৰেছৰ দৰে কেক কাটি, নাচ-গান কৰি, বেলুন ফুটাই জন্মদিন পালন কৰাৰ দৰে পৰম্পৰা বিজেপি দলত নাই ৷ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে সনাতন ধৰ্মৰ নিয়মেৰে ৰাইজে এই দিনটো পালন কৰে বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.