পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে চিন্তাত পেলাইছে সাধাৰণ জনতাক

By

Published : Oct 12, 2021, 3:21 PM IST

thumbnail

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । তাৰমাজতে অৱশেষত পেট্ৰ’লৰ মূল‍্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে । ইপিনে ৰঙিয়া পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪৯.৫৬ টকা । কিন্তু ৰঙিয়াত প্ৰতি লিটাৰত পেট্ৰ’লৰ মূল্য হৈছেগৈ ১০০.৭৬ টকা । যাৰবাবে পূজাৰ বতৰত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উপায় নোহোৱা হৈছে । পৰিয়াল পোহপাল দিব নে নিজৰ দুচকীয়া বাহনত পেট্ৰ’ল ভৰাব তাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ জনতা । ইফালে ৰাজ্য চৰকাৰে পেট্ৰ’লৰ মূল্য ৰোধ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে সাধাৰণ জনতা । তাৰমাজতে পেট্ৰ’লৰ মূল্যবৃদ্ধি সম্পৰ্কে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কৰা মন্তব্যৰ সৰ্ম্পকত জাঙুৰ খাই উঠিছে সৰ্বসাধৰণ জনতা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.