জুৰীয়াত এইবাৰ চাইবাৰ অপৰাধত নামিছে পঞ্চায়তৰ প্ৰতিনিধি

By

Published : Sep 23, 2021, 4:20 PM IST

thumbnail

চাইবাৰ অপৰাধৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে দগাঁও- ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতি মুচকুৰ হুছেইনৰ বিৰুদ্ধে । সহজে ধন ঘটাৰ মাধ্যম হিচাপে পঞ্চায়তৰ জনপ্ৰতিনিধি এইবাৰ নামিল চাইবাৰ ক্ৰাইমত । এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী পাম গাঁৱত । দগাঁও-ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতি তথা গৰৈমাৰী পাম গাঁৱৰ মুচকুৰ হুছেইনে তেওঁৰেই আত্মীয় ক্ৰমে মোকাজিল হক আৰু ইক্ৰামূল হুছেইনৰ সহযোগত শ্ৰমিকৰ পৰিচয় পত্ৰ বনাই দিয়াৰ নামত শ শ পুৰুষ- মহিলাৰ পৰা সংগ্ৰহ কৰে পান কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ । তাৰপাছতে অপৰাধী চক্ৰটোৱে অতি কৌশলেৰে সংগৃহীত নথিৰে অনলাইন যোগে ঋণ লৈ লাখ লাখ টকা লুণ্ঠন চলোৱাৰ লগতে গঞা ৰাইজক বিপথে পৰিচালিত কৰি আহিছে । উপায়ন্তৰ হৈ পুৱাৰ ভাগত শ শ পুৰুষ মহিলাই একত্ৰিত হৈ দগাঁও-ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাইবাৰ ক্ৰাইমৰ লগত জড়িত অপৰাধী চক্ৰটোৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.