নাৰায়ণপুৰত স্থাপন হ'ব চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ

By

Published : Oct 16, 2021, 4:17 PM IST

thumbnail

লখিমপুৰৰ বিহপুৰীয়া সমষ্টিৰ কৃষকসকলৰ বাবে সুখবৰ ৷ নাৰায়ণপুৰস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালত স্থাপন হ'ব এটা ধান ক্ৰয় কেন্দ্ৰ ৷ চৰকাৰে নিৰ্ধাৰণ কৰা দৰত ধান বিক্ৰী কৰিব পাৰিব কৃষকসকলে ৷ এইক্ষেত্ৰত স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই গ্ৰহণ কৰিছে এই বিশেষ প্ৰদক্ষেপ ৷ তাৰোপৰি স্থানীয় ধান ব্যৱসায়ীসকলে চৰকাৰী দৰত ধান ক্ৰয় কৰিব পাৰিব ৷ চৰকাৰে ধান ভঁৰাল নিৰ্মাণৰ বাবেও একোগৰাকী ব্যৱসায়ীক সৰ্বাধিক চল্লিশ লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব ৷ ইচ্ছ্যুকসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে ৷ শনিবাৰে নাৰায়ণপুৰ সমবায় সমিতিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ বিনামূলীয়া ৰেচন বিতৰণৰ এক অনুষ্ঠানত এই কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে চৰকাৰে গৰীৱ কৃষকৰ বাবে প্ৰতিমাহে আগবঢ়াই আহিছে পাঁচ কেজিকৈ চাউল ৷ সেয়ে এই চাউল প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বেগত প্ৰদান কৰাৰ বাবে বিশেষ বেগো মুকলি কৰে বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.