BJPs Organisational meeting: বজালীত বিজেপিৰ সাংগঠনিক সভা

By

Published : Jan 28, 2022, 9:20 PM IST

thumbnail

আহি থকা পৌৰ সভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ বজালী জিলা সমিতিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় (Organisational meeting of BJP in Bajali)। এই সভাতে আহি থকা ৰাজ্য সভা নিৰ্বাচন আৰু পৌৰ সভা নিৰ্বাচন সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । তেওঁৰ মতে ৰাজ্য সভাৰ দুয়োখন আসনে বিজেপিৰ মিত্ৰজোঁটে লাভ কৰাটো ১০০ শতাংশ নিশ্চিত । তেওঁৰ মতে এতিয়া মহাজোঁট নাই সেয়ে বিৰোধীৰ অংক বানচাল হ'ব । বিৰোধীৰ অংক নিমিলা অংক । বিৰোধীৰ মহাজোঁটক মিছা আখ্যা বিজেপিৰ সভাপতিগৰাকীৰ । আনহাতে বৰ্তমানৰ চৰকাৰৰ প্ৰশংসা কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমত বিৰামহীন প্ৰগতিৰ যাত্ৰা আৰম্ভ হৈছে । উপ-নিৰ্বাচনে হওক বা পৌৰ সভা নিৰ্বাচনে হওক সকলোতে বিজেপি দলে জয়ী হ'বলৈ সক্ষম হ'ব বুলিও তেওঁ দাবী কৰে । ইফালে সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সভাপতি গৰাকীক বজালীৰ থলুৱা গাখীৰেৰে উৎপাদিত সামগ্ৰী যে দৈ, পনীৰ, মিঠাইৰে জনালে সম্বৰ্ধনা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.