বিশ্বনাথত 33 টা ভূ-মাফিয়াক আটক

By

Published : Sep 21, 2021, 10:37 PM IST

thumbnail

ৰাজ্যজুৰি মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চলি থকা দালালৰাজ উৎখাত কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰ পাছতে অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 443 টা দালালক আটক কৰিবলৈ সক্ষম হৈছিল ৷ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক লীনা দ'লেৰ নিৰ্দেশত বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৩৩ টা ভূ-মাফিয়াক । এই ৩৩ টাৰ ভিতৰত বিশ্বনাথ সদৰ আৰক্ষী থানাত ১৭ টা, বিহালী আৰক্ষী থানাত ২ টা, গহপুৰ আৰক্ষী থানাত ৭ টা, হেলেম থানাত ২ টা আৰু চতিয়া আৰক্ষী থানাত 5 টা জন ভূ-মাফিয়াক আটক কৰে । ইতিমধ্যে এই ৩৩ টা ভিতৰত মুঠ ২২ টা ভূ-মাফিয়াক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে ৷ ইফালে বিশ্বনাথ জিলাত মঙলবাৰে গ্ৰেপ্তাৰ কৰা ভূ-মাফিয়াৰ বিৰুদ্ধে ৩৩০/২০২১ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪২০/৪০৯/৪৬৭/৪৬৮/৪৭১ ধাৰা ৰুজু কৰিছে । এই ভূ-মাফিয়াৰ তালিকাত নাম আছে বিশ্বনাথ জিলাৰ বিজেপি নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ মিডিয়া এক্টিভিষ্ট কৃষ্ণ কুমাৰ তালুকদাৰ, বিদ্যুত তামুলী, চিকন্দৰ আলী, অকণ শইকীয়া, নিলেন হাজৰিকা, ক্ষীৰ বৰা, তমছেৰ আলী, অৰূপ হাজৰিকা, নজৰুল ইছলাম, জিয়াবুৰ ৰহমান, আলফাজ আহমেদ, কৃষ্ণ কমল ঠাকুৰীয়া, কালিমুল্লাহ ওৰফে বাটচু, ৰাম বৰা, নাচিৰ আলী, ম. আব্দুল ৱাৰিচ, ৰুহিলী বাগলাৰীকে ধৰি বিশ্বনাথ জিলাৰ কেইবাজনো ব্যক্তি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.